ধেমালিতে ধেমালিতে ৪৮ বছৰীয়া আস্মিনা আৰু সহকৰ্মী জুবেইদাই সেই দিনবোৰৰ কথা মনত পেলায় যেতিয়া তেওঁলোকে মাকহঁতে পেলাই দিয়া ঘেঁহুৰ খেৰবোৰেৰ সৰু সৰু চাংগেৰি আকৃতিৰ খৰাহী বনাইছিল। মেৱাট অঞ্চলৰ বেছিভাগ ছোৱালীৰ দৰে তেওঁলোকেও মাকৰ জোৰ দি কোৱাতহে আচল কৰণি বোৱা শিকিছিল, কেতিয়াও ভাবি নাছিল যে এদিন এই কামেই তেওঁলোকৰ জীৱিকাৰ উৎস হৈ পৰিব।
“আমি সেইবোৰ বনাই আমাৰ আত্মীয়-স্বজনক দিছিলোঁ। অব জব বিকান লাগেন তৌ হম না দেবেন ফ্ৰী ম্যে (অৱশ্যে বিক্ৰী কৰিবলৈ লোৱাৰ পৰা আৰু মানুহক বিনামূলীয়াকৈ দিব এৰিলোঁ,” আস্মিনাই হাঁহি মাৰি কয়।
হাৰিয়ানাৰ নুহ জিলাৰ ঘাছেৰা গাঁৱত থকা নিজৰ ঘৰৰ চোতালত চিমেণ্টৰ বেঞ্চখনত বহি তেওঁ এহাতমান দীঘল দেশীয় ঘেঁহুৰ খেৰ এডাল টানি উলিয়াই ল মিহি বেজী এটাৰে তাক পাঁচফাল কৰিছে। তাৰপিছত তাৰে এডাল লৈ তেওঁ চাংগেৰিটোৰ ওপৰলৈ উঠি অহা অংশটো বইছে।
“অগৰ ঘৰ ম্যে মেহমান আগো ঔৰ চাংগেৰি ম্যে ৰৌটি ধৰ কে না দি, তৌ য়ু কেংগে কি আস্মিনা নে প্লেট ম্যে ৰৌটি ধৰ কে দি, চাংগেৰি ম্যে না দি (আলহী আহিলে যদি চাংগেৰিত ৰুটি নিদি প্লেটত দিলোঁ, তেতিয়া আলহীয়ে অভিমান কৰিব যে ৰুটি প্লেটতহে দিলে, চাংগেৰিত নিদিলে),” আস্মিনাই কয়।
চাংগেৰিৰ ব্যৱহাৰ ভিন্ন। এয়া কেৱল হাৰিয়ানা আৰু ৰাজস্থানৰ মেৱাত অঞ্চলৰ মহিলাসকলে পৰম্পৰাগতভাৱে বৈ আহিছে। এসময়ত এইবোৰ বিয়া-বাৰু, ঈদ আৰু অন্যান্য উৎসৱৰ সময়ত প্ৰিয়জনক দিয়া উপহাৰৰ পৰম্পৰাৰ এক অপৰিহাৰ্য অংশ আছিল।

















